August 21, 2024 8:41 PM

views 28

দক্ষিণ শালমাৰা মানকাচৰত বাংলাদেশী নাগৰিকক অসমত প্ৰৱেশত সহায় কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষীয়ে বাংলাদেশী নাগৰিকক অসমত প্ৰৱেশ কৰাত সহায় কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে দুদিন পূৰ্বে ধুবুৰীৰ যোগমায়া ঘাটত আৰক্ষীয়ে এগৰাকী বাংলাদেশী মহিলাক গ্ৰেপ্তাৰ কৰিছিল। ধৃত মহিলাগৰাকীয়ে ধনৰ বিনিময়ত দালালৰ সহায়ত ১৭ জনীয়া বাংলাদেশী দল এটাই অসমত প্ৰৱেশ কৰা বুলি ভাষ্য প্ৰদান কৰিছিল। ইয়াৰ পিছতেই দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে অসমত প্ৰৱেশ কৰা বাংলাদেশীৰ দলটোক বিচাৰি অভিযান আৰম্ভ কৰে। অভিযানত আৰক্ষীয়ে হাজিৰহাট অঞ্চলৰ আলী হুছেইন নামৰ...