September 11, 2024 8:07 PM

views 24

ট্রেডিঙত জড়িত লোকসকলক অসম চৰকাৰৰ ২০১৩ চনৰ আইনৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান দেৱব্ৰত শ‍ইকীয়াৰ

বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই অনলাইন ট্রেডিঙত জড়িত লোকসকলক অসম চৰকাৰৰ ২০১৩ চনৰ দা আছাম প্রটেকচন অব্ ইণ্টাৰেষ্ট অব্ ডিপ'জিটৰ আইনৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সমগ্র বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবলৈ তেওঁ সংবাদমেল যোগে ৰাজ্য চৰকাৰক আহ্বান জনায়। ইয়াৰ লগতে বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা - চি বি আইৰ জৰিয়তে তদন্ত কৰিবলৈ আহ্বান জনায়।