August 26, 2025 12:41 PM

views 19

দেৱজিৎ ঘোষ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত

ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এইকথা সদৰি কৰিছে। বাৰ্তাটোত তেওঁ কয়, যে এই সন্মানে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰাই নহয়, চাহ বাগিচা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈও আশাৰ বাৰ্তা বহন কৰিছে। এই কৃতিত্ব‍ই ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে শৈক্ষিক সমাজখনক অনুপ্ৰেৰণা যোগাব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। অহা ৫ ছেপ্তেম্বৰত ৰাষ...