May 15, 2024 8:14 PM

views 23

দুৰ্যোগ সন্দৰ্ভত তথ্য আৰু প্ৰতিবেদন দাখিলৰ বাবে ডি আৰ আই এম এছ শীর্ষক এখন ডিজিটেল মঞ্চ মুকলি

দুৰ্যোগ সন্দৰ্ভত তথ্য আৰু প্ৰতিবেদন দাখিলৰ বাবে আজি ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাই ডি আৰ আই এম এছ শীর্ষক এখন ডিজিটেল মঞ্চ মুকলি কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বিকশাই তোলা এই মঞ্চই ৰাজ্যখনত দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ তথ্য যুগুত কৰাৰ লগতে ক্ষতিগ্রস্ত লোকক প্ৰদান কৰা সাহায্য সন্দৰ্ভত সঠিক তথ্য প্ৰদান কৰিব। ইউনিচেফৰ সহযোগত বিকশাই তোলা এই মঞ্চৰ জৰিয়তে দুৰ্যোগৰ ফলত গুৰুতৰ ক্ষতিৰ সন্মুখীন হোৱা ঠাইসমূহ চিনাক্ত কৰাৰ লগতে শস্য, পশুধন আদিৰ ক্ষতি সম্পর্কে তথ্য সংৰক্ষণ কৰিব পৰা ...