May 25, 2025 7:16 PM May 25, 2025 7:16 PM

views 57

স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী

স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত আজি গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। পুৱা চাৰে ছয় বজাত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামৰ সন্মুখত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে চাইক্লথনৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত কেইবাগৰাকীও সাংবাদিকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংস্থাটোৱে বিগত ২১ বছৰ ধৰি কৰ্কট ৰোগৰ লগতে কেইবাটাও দুৰাৰোগ্য ৰোগৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে। বিগত বছৰৰ দৰে এইবাৰো সংস্থাটো ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজ...