May 14, 2024 8:33 PM

views 10

চৰকাৰী বিষয়াৰূপী প্ৰৱঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণক পৰামৰ্শ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে আৰক্ষী, চিবিআই, মাদক দ্রব্য নিবাৰণী বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু অন্য আইন বলৱৎকাৰী সংস্থাৰ বিষয়াৰূপী প্ৰৱঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে একাংশ চাইবাৰ অপৰাধীয়ে চৰকাৰী বিষয়াৰ বেশত ভয়-ভাবুকি দেখুৱাই প্ৰৱঞ্চনা, ধন দাবীকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য কৰি অহা সন্দৰ্ভত ক্রাইম ৰিপ’র্টিং প'ৰ্টেলত ভালেসংখ্যক অভিযোগ পঞ্জীভুক্ত হৈছে। মন্ত্রালয়ে লগতে কয় যে, এনেধৰণৰ ঘটনাত বহু লোকে অপৰাধীৰ কবলত পৰি বৃহৎ ...

April 20, 2024 7:31 PM

views 17

চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত হাতীগাওঁত ৯জন ব্যক্তিক আটক

নির্বাচনী তৎপৰতাৰ মাজতে আজি মহানগৰৰ হাতীগাঁও আৰক্ষীয়ে ৯জন ব্যক্তিক চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত আটক কৰিছে। ভেটাপাৰা অঞ্চলৰ এটা হোম ষ্টে'ৰ পৰা আটক কৰা ব্যক্তিকেইজন প্রতিবেশী ৰাজ্য পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আটক কৰা অভিযুক্তকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাইবাৰ ক্রাইম শাখালৈ হস্তান্তৰিত কৰা হৈছে। ইফালে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিভাগসমূহ সষ্টম হৈ থকাৰ সময়তে আজি চিৰাং জিলাৰ ৰুণীখাটাত ৩খন অবৈধ ভূটানী মদৰ কণ্টেইনাৰ জব্দ কৰা হয়। গোপন ...