November 8, 2024 12:26 PM
12
দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মত প্ৰকাশ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। কেন্দ্ৰীয় সতর্কতা আয়োগে চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই সপ্তাহ পালন কৰে। এইবেলি ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে সততাৰ সংস্কৃতিৰ মূলমন্ত্ৰৰে ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ এই সপ্তাহ পালন কৰা হয়। সতর্কতা সজাগতা সপ্তাহৰ লগতে আয়োগে ১৬ আগষ...