October 11, 2024 7:57 PM

views 14

ভাৰত-লাও গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰব্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি ৬খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু লাও গণতান্ত্ৰিক গণৰাজ্যই আজি প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰৱ্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰতে লগতে ভাৰত ৰাষ্ট্ৰসংঘ উন্নয়ন সহযোগিতা পুঁজিৰ জৰিয়তে লাওৰ পৰিপুষ্টি সুৰক্ষা উন্নীতকৰণৰ এটা প্ৰকল্পলৈ ১০ লাখ ডলাৰৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাওৰ ৰাজধানী ভিয়েনটাইনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লাও গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰধানমন্ত্রী চোনেক্সায় ছিফাণ্ডোনৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিকেইখন সম্পাদিত হয়। প্...