September 14, 2024 6:46 PM

views 14

বিশ্ব পৰ্যটন দিৱস উপলক্ষে কালচাৰ এণ্ড হেৰিটেজ শীৰ্ষক অনলাইন ফটোগ্রাফী প্রতিযোগিতা

বিশ্ব পৰ্যটন দিৱস উপলক্ষে ৰাজ্যৰ পৰ্যটন সঞ্চালকালয়ে কালচাৰ এণ্ড হেৰিটেজ শীৰ্ষক এটা অনলাইন ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন কৰিছে। ৰাজ্যখনৰ সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰিব পৰাকৈ আলোকচিত্র এই প্রতিযোগিতালৈ প্ৰেৰণৰ বাবে আহ্বান জনোৱা হৈছে। প্ৰতিগৰাকী প্ৰতিযোগীয়ে কমেও ১০ খন নিজে তোলা আলোকচিত্ৰ পঠিয়াব লাগিব। এই প্রতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্রমে ৫০ হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব। প্ৰতিযোগিতাত যোগদানৰ শেষ দিন ২৩ ছেপ্তেম্বৰ। ইফালে সঞ্চালকালয়ে এই দিৱসৰ সৈত...