September 21, 2024 11:12 AM

views 19

আজি দিনজোৰা কাৰ্যসূচীৰে পবিতৰা হাটত সাংস্কৃতিক সমাৰোহ

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ অধীনত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগ আৰু মৰিগাঁও জিলা জ্যেষ্ঠ নাগৰিক সভাৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে পবিতৰা হাটত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। অনুষ্ঠানত জ্যোতিসংগীত, বাভা সংগীত আৰু ভূপেন্দ্র সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰা হ'ব। মৰিগাঁও জিলা আয়ুক্তই এই সাংস্কৃতিক সমাৰোহৰ উদ্বোধন কৰিব। জিলাখনৰ জ্যেষ্ঠ নাগৰিকৰ মাজত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ বাবে সকলো প্রস্তুতি সম্পন্ন কৰা হৈছে।