July 28, 2025 11:42 AM
44
চি ইউ ই টি স্নাতকোত্তৰ সমাজতত্ব বিভাগৰ প্ৰৱেশ পৰীক্ষাত ডিফুৰ শৈলজা ছিংনাৰপিয়ে দেশৰ ভিতৰত ৮৭ সংখ্যক স্থান লাভ
সদ্য ঘোষিত চি ইউ ই টি স্নাতকোত্তৰ সমাজতত্ব বিভাগৰ প্ৰৱেশ পৰীক্ষাত ডিফুৰ শৈলজা ছিংনাৰপিয়ে দেশৰ ভিতৰত ৮৭ সংখ্যক স্থান লাভ কৰাৰ লগতে অসমৰ শিক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম স্থান সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে। শ্ৰী ছিংনাৰপি ডিফুৰ বিশিষ্ট লেখক অজিৎ ছিংনাৰ আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা গীতা হান্সেপিৰ জীয়ৰী। ছাত্ৰীগৰাকীৰ এই সাফল্যত তেওঁৰ গৃহ চহৰ ডিফুৰ আনন্দৰ লহৰ উঠিছে বুলি আমাৰ কাৰ্বি আংলঙৰ সংবাদাতাই জানিবলৈ দিয়ে।