November 25, 2024 11:44 AM

views 13

ভাৰতে ইটালীক ইউৰোপৰ দেশসমূহৰ ভিতৰত অন্যতম মিত্ৰদেশ হিচাপে গণ্য কৰে বুলি ড০ এছ জয়শংকৰৰ মতপ্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰতে ইটালীক ইউৰোপৰ দেশসমূহৰ ভিতৰত অন্যতম মিত্ৰদেশ হিচাপে গণ্য কৰে বুলি মতপ্ৰকাশ কৰিছে। তেওঁ দেশখনক ভূমধ্য সাগৰীয় অঞ্চলৰ গুৰুত্বপূৰ্ণ দেশ হিচাপেও অভিহিত কৰে। ৰোমত ভাৰতীয় দূতাবাসৰ বিশেষ কাৰ্যালয় মুকলি কৰি ড০ এছ জয়শংকৰে কয়, যে দুয়োখন দেশৰ বিভিন্ন স্তৰৰ মাজত সঘনাই হোৱা আলোচনাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতা প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয়, যে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিকাশৰ বাবে নতুন শক্তি, গোলকীয় তথা আঞ্চলিক সমস্যা সমাধানৰ ক্ষেত্...