November 20, 2025 12:11 PM

views 19

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ দেশৰ ভিতৰতে প্রথম স্থান লাভ

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে প্রথম স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশিত তথ্য অনুসৰি নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্টীয় গড় ৪৪ দশমিক ৯-৬ৰ বিপৰীতে অসমে ৭২ দশমিক ০-৩ স্ক'ৰ লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি এই তথ্যই প্রশাসনিক সংস্কাৰ, দক্ষতা আৰু আই চি টি সংহতিৰ ক্ষেত্ৰত অসম আগবঢ়াতো প্ৰমাণ কৰে বুলি উল্লেখ কৰিছে। তদুপৰি ক্ষীপ্ৰ, ন্যায্য আৰু অধিক কার্যক্ষম ন্যায় প্রদান ব্যৱস্থাৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক শেহতীয়া তথ্যই প্র...

May 19, 2024 9:06 PM

views 27

গুৱাহাটীত অনুষ্ঠিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্রগতিশীল পথ শীর্ষক সন্মিলনৰ সামৰণি

আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আয়োজন কৰা ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্রগতিশীল পথ শীর্ষক সন্মিলনখনৰ আজি সামৰণি পৰে  সামৰণি অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি ন্যায়াধীশ মানস ৰঞ্জন পাঠক, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাজ আলী, ভাৰতীয় আইন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ভি কে আহুজাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্রহণ কৰে। সন্মিলনৰ কালি প্ৰথম দ...

May 19, 2024 12:46 PM

views 19

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ কেন্দ্ৰীয় আইন ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেওঁ এই মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্রয়োজনীয় পৰিৱৰ্...