December 16, 2025 12:13 PM

views 21

ৰাজ্যত অপৰাধীক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাত অপৰাধৰ সংখ্যা হ্ৰাস

অসমত বিভিন্ন অপৰাধত অভিযুক্তক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অপৰাধ হ্ৰাস পাইছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে যোৱা বছৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ ৫ দশমিক ৫ শতাংশৰ পৰা চলিত বছৰত ২৫ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে অভিযোগনামা দাখিলত যোৱা বছৰৰ ৪৭ দশমিক ৮ শতাংশৰ পৰা এই বছৰ ৭৫ দশমিক ৫ শতাংশলৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে আৰক্ষী প্ৰশাসন ব্যৱস্থা শক্তিশালীকৰণৰ ফলত এই ক্ষেত্ৰত আশাব্যঞ্জক ফল...