November 6, 2025 7:48 PM November 6, 2025 7:48 PM
24
পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুর্থখন খেলত ভাৰতৰ অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি কুইন্সলেণ্ডত অনুষ্ঠিত চতুর্থখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰানহে কৰিবলৈ সমর্থ হয়। দলটোৰ হৈ মিছেল মার্শ্বে সর্বাধিক ৩০ ৰান কৰে। ভাৰতৰ বাম্বিংটন সুন্দৰে তিনিটা উইকেট দখল কৰাৰ লগতে অক্ষৰ পেটেল আৰু শিভম ডুবেই দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৬৭ ৰান সংগ্...