August 24, 2024 6:54 PM

views 12

আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা বেটছমেন শিখৰ ধাৱানৰ অৱসৰ ঘোষণা

ভাৰতীয় ক্রিকেট দলৰ বেটছমেন শিখৰ ধাৱানে সকলো ধৰণৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমত নিজৰ অৱসৰৰ এটা আৱেগিক ভিডিঅ' প্ৰকাশ কৰি ৩৮ বছৰীয়া শ্ৰী ধাৱানে খেলুৱৈ জীৱনত তেওঁক বিভিন্ন প্ৰকাৰে সহায় কৰা পৰিয়ালৰ লোকসকলৰ লগতে প্ৰশিক্ষক আৰু দলৰ সদস্যসকলক ধন্যবাদ জনায়। বাঁওহতীয়া বেটছমেনগৰাকীয়ে টীম ইণ্ডিয়াৰ হৈ ৩৭খন টেষ্ট, ১৬৭ খন এদিনীয়া আৰু ৬৮খন টি-টুৱেণ্টী মেচত অংশগ্ৰহণ কৰিছিল। এদিনীয়া খেলত প্ৰদৰ্শন কৰা অনবদ্য বেটিং শৈলীৰ বাবে শিখৰ ধাৱান মিষ্টাৰ আই চি চি নামেৰেও জনাজাত...