June 1, 2025 1:22 PM

views 19

আই পি এলত সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম পাঞ্জাব কিংছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ, পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটো মঙলবাৰে একেখন ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। মুম্বাই ইণ্ডিয়ানছে বৰ্তমানলৈকে পাঁচবাৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। ইয়াৰ বিপৰীতে পাঞ্জাবে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জনৰ চেষ্টা চল...

May 29, 2025 6:12 PM

views 16

সন্ধিয়া ৭.৩০ বজাত আই পি এলত প্লে অফত পঞ্জাৱ কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। মুল্লানপুৰত আজি হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া এলিমিনেটৰ খেলত পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এলিমিনেটৰ খেলত জয়লাভ কৰা দলটো দেওবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথম কোৱালিফায়াৰত পৰাজিত দলটোৰ সন...

May 27, 2025 12:06 PM

views 41

IPL: সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েন্ট বনাম ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পাঞ্জাবে প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰে। দলটোৱে লগতে অহা বৃহস্পতিবাৰে ছণ্ডিগড়ত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলৰ বাবেও যোগ্যতা অর্জন কৰে। কালিৰ খেলখনত ১৮৫ ৰানৰ জয়ৰ লক্ষ্যৰে খেলি দলটোৱে ১৮ অভাৰ আৰু ৩ টা বলত তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্রম কৰে। দলৰ হৈ জছ ইংলিছে ৭৩ আ...

May 24, 2025 12:35 PM

views 43

আই পি এলত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছ বানান দেলহী কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪২ ৰানত পৰাস্ত কৰে। ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা বেংগালুৰুৰ দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ বানহে কৰিবলৈ সমৰ্থ হয়। ১৪ অভাৰলৈ দলটোৰ প্ৰদৰ্শন আশাব্যঞ্জক আছিল যদিও ইয়াৰ পাছত মাত্র ১৬ ৰানতেই শেষৰ ৭টা উইকেট হেৰুৱাই পৰাজয়ৰ দিশে গতি কৰে। ছানৰাইজাৰ্ছ হায়দাবাদৰ হৈ পেট কামিন্সে ৩টা আৰু এশ্বান মালিংগাই দুটা উইকেট ...

May 23, 2025 12:41 PM

views 40

আই পি এলত সন্ধিয়া ৭.৩০ বজাত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দাবাদৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক ৩৩ ৰানত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্ট ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই ২৩৫ ৰান সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ মিছেল মার্শ্বে ৬৪টা বলত ১১৭ ৰান কৰে আৰু নিকোলাচ পূৰণে ২৭টা বলত ৫৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ২০২ ৰানহে কৰিবলৈ সমৰ্থ হয়। মিছেল মাৰ্শ্বক প্লেয...

May 22, 2025 12:20 PM

views 13

আই পি এলত আজি সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫৯ বানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুর্থ তথা অন্তিমটো দল ৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে আই পি এলৰ এইবাৰৰ সংস্কৰণত ডেলহি কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৮০ বান কৰে। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে ৪৩টা বলত ৭৩ ৰান কবি আউট নোহোৱাকৈ থাকে। দিল্লীৰ মুকেশ কুমাৰে দুটা উইকে...

May 6, 2025 8:43 AM

views 29

IPL: সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ

■ আই পি এল ক্রিকেট প্রতিযোগিতাৰ দেলহী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত যোৱা নিশা হায়দাবাদত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে ইনিংছ ব্ৰেকৰ সময়ত পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে যদিও প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা হায়দাবাদে বিদায় লয়। ইপিনে দেলহী কেপিটেলছ সম্প্ৰতি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কালিৰ খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৩ ৰান সংগ্ৰহ কৰে। হায়দাবাদৰ অধিনায়ক পেট কামিন্সে ৩টা উইকেট দখল কৰে। অৱশ্যে বৰষুণৰ ব...

May 5, 2025 4:56 PM

views 25

IPL : সন্ধিয়া ৭.৩০ বজাত ডেলহী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দাবাদ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দৰাবাদত ডেলহী কেপিটেলছ- ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰানত পৰাস্ত কৰে। ইপিনে, কালি ইডেন গার্ডেনছত অনুষ্ঠিত প্রথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক এক ৰানত পৰাস্ত কৰে।

May 3, 2025 12:23 PM

views 18

IPL: সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এল ক্রিকেটত কালি নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৮ ৰানত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২২৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে ৩৮টা বলত ৭৬ ৰান আৰু জোছ বাটলাৰে ৩৭টা বলত ৬৪ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে তিনিটা আৰু পেট কামিন্স আৰু জীশন আনছাৰীয়ে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ অভিষেক শর...

May 2, 2025 12:19 PM

views 25

IPL : সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ ছানৰাইৰাৰ্ছ হায়দাবাদৰ মুখামুখি

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা জয়পুৰৰ ছৱাই মানছিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক ১০০ ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২১৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক ৩০ ৰান কৰে। মুম্বাইৰ ট্ৰেণ্ট বোল্ট আৰু কৰম শৰ্মাই তিনিটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেটৰ বিনিময়ত ২১৭ ৰান ...