October 7, 2025 12:32 PM
42
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি বিয়লি ৩ বজা বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব
আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয়ী হৈছে। ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২৩২ ৰান দক্ষিণ আফ্ৰিকাই ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ...