January 12, 2026 12:17 PM
14
বডোডৰাত অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত যোৱানিশা ভাৰতৰ হাতত নিউজিলেণ্ড ৪ উইকেটত পৰাস্ত
গুজৰাটৰ বডোডৰাত অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত যোৱানিশা ভাৰতে নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ভাৰতে ৩০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰত ৬টা উইকেট হেৰুৱাই ৩০৬ ৰান কৰে। খেলৰ আৰম্ভণিতে অধিনায়ক ৰোহিত শর্মা মাত্র ২৬ ৰান কৰি আউট হোৱাৰ পাছত বিৰাট কোহলি আৰু সুভমন গিলে সুন্দৰ বেটিঙেৰে ভাৰতক জয়ৰ দিশে লৈ যায়। বিৰাট কোহলিয়ে ৯৩, সুভমন গিলে ৫৬ আৰু শ্ৰেয়াৰ্ছ আয়াৰে ৪৯ ৰান কৰে। নিউজিলেণ্ডৰ কাইল জেমিছনে ৪টা উইকেট দখল কৰে। খেলখনত বিৰাট কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৮ হাজাৰ ৰান কৰা দ্রু...