August 8, 2024 12:05 PM

views 32

ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী

ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী হৈছে। কালি কলম্বোেত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত শ্রীলংকা ১১০ ৰানত জয় হয়। প্ৰথমে বেটিং কৰা শ্ৰীলংকাই আৱিস্কা ফার্নাণ্ডোৰ ৯৬ আৰু কুশল মেণ্ডিছৰ ৫৯ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ২৬ অভাৰ আৰু এটা বলত কেউটা উইকেট হেৰুৱাই মাত্র ১৩৮ ৰানহে কবিলৈ সক্ষম হয়। আৱিস্কা ফার্নাণ্ডোলৈ প্লেয়াৰ অৱ দা মেচ আৰু দুনীথ ৱেলালাগেলৈ শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। শ...

August 7, 2024 7:40 PM

views 29

তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে ২৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ শ্রীলংকাৰ

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। শ্রীলংকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰিয়ান পৰাগে ৩টা উইকেট দখল কৰে। ইফালে খেলৰ দ্বিতীয়ার্ধত ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৫ অভাৰত এটা উইকেট হেৰুৱাই ৪১ ৰান সংগ্ৰহ কৰি খেলি আছে।

August 7, 2024 12:53 PM

views 27

কলম্বোত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত আজি অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। শ্রীলংকাই দ্বিতীয়খন এদিনীয়াত ৩২ ৰাণত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেল ড্র হৈছিল। শ্রীলংকাই ২৭ বছৰ পাছত ভাৰতৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত অগ্ৰগতি লাভ কৰিছে আৰু শৃংখলা দখলৰ দিশে আগবাঢ়িছে। ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত হৈ থকাৰ ধাৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলা...

August 5, 2024 12:37 PM

views 36

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত কালি শ্ৰীলংকাৰ হাতত পৰাস্ত

ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি শ্রীলংকাই ভাৰতক ৩২ ৰানত পৰাজিত কৰে। ভাৰতে ২৪১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪২ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰানহে কৰিবলৈ সমর্থ হয়। দলৰ হৈ ৰোহিত শৰ্মাই ৪৪টা বলত ৬৪ ৰান কৰে। শ্ৰীলংকাৰ জেফৰি ভেণ্ডাৰ্ছে ৬টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ্রহ কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে তিনিটা আৰু কুলদ্ব...

August 3, 2024 2:08 PM

views 30

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৰোমান্সকৰভাৱে ড্ৰ’

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কালি ৰোমান্সকৰভাৱে ড্ৰ' হয়। ভাৰতে ২৩১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২৩০ ৰান কৰে। শ্ৰীলংকাৰ হৈ বেটে বলে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা দুনিথ ৱেল্লালগেক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ কলম্বোেত অনুষ্ঠিত হ'ব।

August 2, 2024 7:23 PM

views 20

৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। খেল আৰম্ভণিতে শ্রীলংকাই বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৩০ ৰাণ সংগ্ৰহ কৰে। প্রত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ২ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৬ ৰাণ সংগ্ৰহ কৰি খেলি আছে।

August 2, 2024 7:55 AM

views 27

আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

■ ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই শৃংখলাত ভাগ ল'ব। ভাৰতে ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ৩-০ ফলাফলত জয়লাভ কৰিছিল।

August 1, 2024 1:32 PM

views 11

প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ দেহাৱসান

ভাৰতৰ প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ যোৱানিশা ৭১ বছৰ বয়সত দেহাৱসান ঘটে। খেলুৱৈগৰাকীয়ে ১৯৭৫ চনৰ পৰা ১৯৮৭ চনৰ সময়চোৱাত ভাৰতৰ হৈ ৪০ খন টেষ্ট আৰু ১৫ খন এদিনীয়া খেলত ভাগ লোৱাৰ উপৰি বৰোদাৰ হৈ ২০৬ খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল। বৰোদা ক্রিকেট সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া স্নেহল পাৰিখে জনোৱা অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত খেলুৱৈগৰাকীয়ে যোৱানিশা প্ৰায় ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত গায়কোৱাডে কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰৰ সৈতে টেষ্ট মেচত দীৰ্ঘদিন ধৰি দেশৰ হৈ ব...

July 29, 2024 6:38 PM

views 37

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্রগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্রণ জনায়। শ্রীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণুই ২৬ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণ...

July 28, 2024 11:57 AM

views 19

ভাৰত আৰু শ্ৰীলংকা তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকা ৪৩ ৰানত পৰাস্ত

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে শ্রীলংকাক ৪৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। টছত জয়লাভ কৰি শ্ৰীলংকাই প্ৰথমে ভাৰতক বেট ধৰাৰ আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ২১৩ ৰান সংগ্ৰহ কৰে। সূর্য কুমাৰ যাদৱে ৫৮ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭০ ৰান সংগ্ৰহ কৰে। সূ...