December 7, 2024 8:16 PM

views 1

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত দ্বিতীয় দিনত ভাৰতৰ দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ

এডিলেইডত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত আজি দ্বিতীয় দিনাৰ খেলৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ কৰে। আজি দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই প্রথম ইনিংছত ত্রেভিছ হেডৰ শতকৰ সহায়ত ৩৭৭ ৰান সংগ্ৰহ কৰি ১৫৭ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি পুনৰ বেটিং বিপর্যয়ৰ সন্মুখীন হয় আৰু বৰ্তমান ভাৰতে ৫ উইকেট হাতত থকাৰ সময়ত ঘৰুৱা দলটোতকৈ ২৯ ৰানত পিছপৰি আছে।

December 7, 2024 8:13 PM

views 15

ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব’ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ যুটীয়া সচিব, অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াই আজি ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব'ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব কৰে। উল্লেখযোগ্য যে পূৰ্বে এই দায়িত্বত বি চি চি আইৰ সচিব জয় শ্বাহ আছিল। কিন্তু শ্বাহ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ হোৱাত বি চি চি আইৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদত ব'ৰ্ড অধ্যক্ষৰূপে দেৱজিৎ শ‍ইকীয়াই প্ৰতিনিধিত্ব কৰিব।

December 5, 2024 8:41 PM

views 12

ব্ৰিছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৫ উইকেটত পৰাস্ত

ব্ৰিছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৫ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬ অভাৰ দুটা বলত পাঁচ উইকেটৰ বিনিময়ত অতি সহজে ১০১ ৰানৰ লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ জর্জিয়া ভলে সৰ্বাধিক ৪৬ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি বেটিং কৰিবলৈ লৈ ৩৪ অভাৰ ২টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০০ ৰান সংগ্ৰহ কৰে। শৃংখলাৰ দ্বিতীয়খন খেল অহা ৮ ডিচেম্বৰত ব্ৰিছবেদনত অনুষ্ঠিত হ'ব।

December 4, 2024 12:15 PM

views 12

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন

শ্বাৰজাহত চলি থকা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-এৰ নিজৰ তৃতীয়খন খেলত আজি ভাৰত ঘৰুৱা দল সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন হ'ব। গ্রুপ-এৰ আন এখন খেলত আজি ডুবাইত পাকিস্তানে জাপানৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন লীগ খেলত ভাৰত পাকিস্তানৰ হাতত পৰাজিত হৈছিল যদিও দ্বিতীয়খন খেলত ভাৰতে জাপানক ২১১ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰিছিল। আজিৰ খেলখনত জয় লাভ কৰিব পাৰিলে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ সুনিশ্চিত হ'ব।  

November 30, 2024 8:53 PM

views 13

ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত হয়। পাকিস্তানে টছত জিকি প্রথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৭টা উইকেটৰ বিনিময়ত ২৮১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪৭ অ’ভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩৮ ৰান কৰে। শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-এৰ আন এখন খেলত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই জাপানক ২৭৩ ৰানত পৰাজিত কৰে।

November 29, 2024 8:35 PM

views 23

কোচ বিহাৰ ট্ৰফীৰ দ্বিতীয় দিনাৰ সামৰণিত কেৰালাৰ বিৰুদ্ধে অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ

কেৰালাৰ বিৰুদ্ধে বৰপেটাত অনুষ্ঠিত কোচ বিহাৰ ট্ৰফী চাৰি দিনীয়া ক্রিকেট খেলখনৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে কেৰালাৰ প্ৰথম ইনিংছ ১৮১ ৰানত সামৰণি পৰে। উল্লেখযোগ্য যে অসমে কালি প্রথম ইনিংছত ২৩৩ ৰান কৰে। ফলত অসমে সামগ্ৰিকভাৱে ৮৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

November 28, 2024 8:00 PM

views 21

বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত হৈছে। চাৰিদিনীয়াকৈ অনুষ্ঠিত এই প্রতিযোগিতাত আজি অসম দলে ছৈত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আয়ুষ্মান মালাকাৰে নেতৃত্ব দিয়া অসম দলটোৱে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আনহাতে দিনটোৰ শেষলৈ কেৰালাই প্রথম ইনিংছত ৩টা উইকেটৰ বিনিময়ত ৩৩ ৰান সংগ্ৰহ কৰে।

November 25, 2024 8:26 PM

views 12

পার্থত অনুষ্ঠিত প্রথম টেষ্টত ভাৰতৰ হাতত অষ্ট্ৰেলিয়া ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাজিত

পার্থত অনুষ্ঠিত প্রথম টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰি ইতিহাস সৃষ্টি কৰিছে। ভাৰতে এই জয়ৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আজি খেলখনৰ চতুৰ্থ দিনা জয়লাভৰ বাবে দ্বিতীয় ইনিংছত ৫৩৩ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই কেৱল ২৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। অষ্ট্ৰেলিয়াৰ হৈ ট্রেভিছ হেডে সৰ্বাধিক ৮৯ ৰাণ সংগ্ৰহ কৰে। মিছেল মাৰ্ছে ৪৭ আৰু এলেক্স কেৰীয়ে ৩৬ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ অধিনায়ক যশপ্রীত বুমৰা আৰু মহম্মদ ছিৰাজে ৩টাকৈ উইকেট দখল কৰে। ৱাছিং...

November 22, 2024 8:27 PM

views 7

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৬৭ ৰাণ সংগ্ৰহ

অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছত ৭ উইকেটৰ বিনিময়ত ৬৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ যশপ্রীত বুমৰাই চাৰিটা উইকেট দখল কৰে। মহম্মদ চিৰাজে দুটা আৰু হৰ্ষিত ৰাণাই এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় বেটছমেনসকলে অষ্ট্ৰেলিয়াৰ বেগী বলাৰৰ সন্মুখীন হৈ বিপৰ্যয়ৰ সন্মুখীন হয়। ভাৰতে টছত জিকি প্রথমে বেট ধৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ১৫০ ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত অভি...

November 16, 2024 11:04 AM

views 11

দক্ষিণ আফ্ৰিকাক ১৩৫ ৰানত পৰাস্ত কৰি ৩-১ ফলাফলেৰে ভাৰতৰ শৃংখলা দখল

ভাৰতে যোৱা নিশা জোহান্সবার্গত অনুষ্ঠিত চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১৩৫ ৰানত পৰাস্ত কৰি ৩-১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেটধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত এটা উইকেট হেৰুৱাই ২৮৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তিলক বাৰ্মাই ৪৭ টা বলত ১২০ ৰান কৰে। সঞ্জু ছেমছনে ৫৬ টা বলত ১০৫ ৰানৰ বৰঙণি আগবঢ়ায়। তিলক বাৰ্মা আৰু সঞ্জু ছেমছনৰ যুটীটোৱে ২১০ ৰান কৰি আউট নোহোৱাকৈ থাকে । ভাৰতৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসত এয়া কোনো এটা যুটীয়...