March 17, 2025 7:21 PM
10
উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত ২৩ বছৰ অনুৰ্ধৰ মহিলা ক্রিকেট প্রতিযোগিতা আৰম্ভ
উত্তৰ গুৱাহাটীৰ ডেকাবাৰীৰ অসম ক্রিকেট সন্থাৰ নৱনিৰ্মিত ক্রিকেট গ্রাউণ্ডত আজি ২৩ বছৰ অনুৰ্ধৰ মহিলা ক্রিকেট প্রতিযোগিতা আৰম্ভ হৈছে। আজিৰ প্ৰথমখন খেলত হাৰিয়ানাই কৰ্ণাটকক ছয় উইকেটত পৰাস্ত কৰে। খেলখনত কৰ্ণাটকে প্রথমে বেট ধৰি ৪৯ অভাৰ আৰু ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২১৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত হাৰিয়ানাই ৪২ অভাৰত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। কাইলৈ দিল্লী আৰু বৰোডাৰ মাজত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব।