November 1, 2025 8:46 PM November 1, 2025 8:46 PM

views 20

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকা

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ বাবে কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল স্প'ৰ্টছ একাডেমীৰ খেলপথাৰত বিয়লি ৩ বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমি ফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত জয় লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে।