December 22, 2025 12:08 PM

views 27

মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত ভাৰতৰ

বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৪টা বলতে দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰ'ড্রিক্সে সৰ্বাধিক ৬৯ আৰু স্মৃতি মান্ধানাই ২৫ ৰান কৰে। শ্ৰীলংকাৰ কৱা কাবিন্দি আৰু ইনুকা ৰাণাৱেৰাই এটাকৈ উইকেট দখল কৰে । ইয়াৰ পূৰ্বে শ্রীলংকাই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১২১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৱিছমি গুণ...