November 4, 2025 11:54 AM

views 40

মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ

◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন, প্ৰতিভা আৰু একতাই বি চি চি আইৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু প্ৰচেষ্টাক সাকাৰৰূপ দিয়া বুলি বি চি চি আইৰ অধ্যক্ষ মিথুন মানহাছে মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ভাৰতে যোৱা দেওবাৰে নিশা নৱী মুম্বাইৰ ড০ ডি ৱ...

November 2, 2025 8:02 PM

views 32

হোবার্টত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত অষ্ট্ৰেলিয়া পৰাস্ত

হোবার্টত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে। ভাৰতে ১৮৭ ৰানৰ বিজয় লক্ষ্যৰে খেলি ৯ টা বল বাকী থকা অৱস্থাত ৫ টা উইকেটৰ বিনিময়ত ১৮৮ ৰান কৰি বিজয় সাব্যস্ত কৰে। ৱাশ্বিংটন সুন্দৰে ২৩ টা বলত ৪৯ ৰান কৰি অপৰাজিত হৈ থাকে। ৪ টা অভাৰত ৩ টা উইকেট দখল কৰা অৰ্শদীপ সিঙক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়। এই বিজয়েৰে ভাৰতে ৩ খনীয়া শৃংখলাৰ ১-১ৰ সমতা স্থাপন কৰে।  ইয়াৰ পূর্বে অষ্ট্ৰেলিয়াই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৮৬...