July 7, 2025 1:37 PM July 7, 2025 1:37 PM

views 5

এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ দ্ৱিতীয় টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত ভাৰতৰ

এজবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাজিত কৰি এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাত ভাৰতে ১-১ৰ সমতা কৰিছে। খেলখনৰ কালি পঞ্চম দিনা ভাৰতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৭টা উইকেট দখল কৰি এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে। এয়া হৈছে ৫৮ বছৰৰ পাছত এজবেষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম জয়লাভ। কালি পঞ্চম দিনৰ খেলৰ আৰম্ভণিতে বৰষুণে খেল কিছুসময় বিঘ্নিত কৰে যদিও আকাশ দীপৰ নিখুঁত বলিঙেৰে ভাৰতে খেলখনত আধিপত্য বিস্তাৰ কৰে। ইংলেণ্ডৰ হৈ প্ৰথম ইনিংছত শতৰান সংগ্ৰহ কৰা জেমি স্মিথহে ৮৮ ৰান কৰি ঘৰুৱা দলটোৰ হৈ কিছু প...