December 16, 2024 7:52 PM
12
চাকৰিয়াল মাতৃৰ সুবিধা হোৱাকৈ ৫০ বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানত ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক
কেন্দ্ৰীয় চৰকাৰে চাকৰিয়াল মাতৃসকলৰ সুবিধা হোৱাকৈ ৫০ জন বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানসমূহত অন্যান্য সুবিধাৰ লগতে বা পৃথকভাৱে শিশুসকলক চোৱা চিতা কৰাৰ ব্যৱস্থা -ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰ দি শ্ৰম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মন্দাভিয়াই কয়, যে চাকৰিয়াল মহিলাসকলৰ কৰ্মক্ষেত্ৰ আৰু পৰিয়ালৰ দায়িত্বৰ মাজত সামঞ্জস্য বৰ্তাই ৰখাত সুবিধা হোৱাকৈ বিভিন্ন আইনত ভালেমান সংশোধন কৰা হৈছে। ড° মন্দাভিয়াই কয়, যে প্ৰসৱকালিন সুবিধা আইন ১৯৬১ ৰ সংশোধনীৰ পাছত চাকৰি...