September 14, 2024 2:54 PM

views 37

চি পি আই-এমৰ সদ্য প্রয়াত সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীক বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ শ্রদ্ধাঞ্জলি

চি পি আই-এমৰ সদ্য প্রয়াত সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীক নতুন দিল্লীত আজি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই শ্রদ্ধাঞ্জলি জনায়। নতুন দিল্লী এইমছত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত কালি ৭২ বছৰ বয়সত প্রবীণ বাওঁপন্থী ৰাজনীতিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। সীতাৰাম য়েছুৰীৰ নশ্বৰ দেহ ৰাজহুৱা দৰ্শন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে দলৰ মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনলৈ অনা হয়। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধী, এন চি পি শাৰদ গোটৰ মুৰব্বী শাৰদ পাৱাৰ, ডি এম কেৰ সাংসদ কানিমোঝি, কংগ্ৰেছ নেতা জয়ৰাম ৰ...

September 12, 2024 8:09 PM

views 35

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ আজি নতুন দিল্লীৰ অখিল ভাৰতী আয়ুবিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। চি পি আই এমৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে শনিবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰয়াত য়েচুৰীৰ মৃতদেহ নতুন দিল্লীৰ গোল মার্কেটস্থিত দলৰ মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনত জনসাধাৰণৰ দৰ্শন আৰু শেষ শ্রদ্ধা নিবেদনৰ বাবে ৰখা হ'ব। ইয়াৰ পাছতে নেতাগৰাকীৰ মৃতদেহ তেওঁৰ ইচ্ছা অনুসৰি চিকিৎসা গৱেষণ...

April 4, 2024 9:24 PM

views 44

লোকসভা নিৰ্বাচনৰ বাবে চিপিআই এমৰ দলীয় ইস্তাহাৰ প্ৰকাশ

♦ চিপিআই এমে আজি সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু পলিটব্যুৰো সদস্য প্রকাশ কাৰাট, বৃন্দা কাৰাট, নিলোৎপল বসু আৰু তপন সেনে নতুন দিল্লীত এই ইস্তাহাৰ মুকলি কৰে। দলে ইস্তাহাৰত চহকী শ্ৰেণীৰ ওপৰত কৰ, উত্তৰাধিকাৰ কৰ আৰু সাধাৰণ সম্পত্তি কৰ সন্দৰ্ভত আইন প্ৰস্তুত কৰা, ব্যক্তিগত খণ্ডত সংৰক্ষণ, নিৰ্বাচনৰ বাবে চৰকাৰী পুঁজি আহৰণ তথা ৰাজনৈতিক দলসমূহে উদ্যোগজগতৰ পৰা লাভ কৰা বৰঙণিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ আৰোপৰ বিষয়সমূহ সামৰি লৈছে। চিপিআই এমে ইস্তাহাৰত ক...