July 2, 2025 4:43 PM July 2, 2025 4:43 PM

views 4

দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ অধ্যয়নত কোভিড-১৯ প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসু বুলি প্ৰমাণিত

● ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু অখিল ভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠানৰ বিশদ অধ্যয়ণত কোভিড-১৯ প্ৰতিষেধক আৰু কোভিডত্তোৰ কালত প্ৰাপ্ত বয়স্ত লোকৰ আকস্মিক মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি নির্ণায়কভাবে প্রমাণিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠান দুটাৰ অধ্যয়নত ভাৰতত ব্যৱহাৰ হোৱা কোভিড-১৯ প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসু বুলি প্ৰমাণিত হৈছে আৰু এনে প্ৰতিষেধকৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া তেনেই দুর্লভ। দেশত আ...

June 2, 2025 8:53 PM June 2, 2025 8:53 PM

views 10

দেশত ৩,৯৬০ গৰাকী সক্রিয় ক’ভিড ৰোগী চিনাক্ত

দেশত ৩,৯৬০ গৰাকী সক্রিয় ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কেৰালাত সৰ্বাধিক এহেজাৰ ৪৩৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। একেদৰে মহাৰাষ্ট্ৰত ৫০৬ আৰু দিল্লীত ৪৮৩ গৰাকী লোকৰ দেহত এই ৰোগ ধৰা পৰিছে। দিল্লীৰ ডা০ ৰামমনোহৰ লোহীয়া চিকিৎসালয়ৰ ক’ভিড ইউনিটৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা০ পৱন কুমাৰে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাতকাৰত ক’ভিডৰ এই নতুন প্ৰজাতিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি জনসাধাৰণক আশ্বাস দিয়ে। তেওঁ কয়, যে চিকিৎসালয...

August 2, 2024 8:20 PM August 2, 2024 8:20 PM

views 5

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যুটীয়াভাৱে Covaxin-ৰ বিকাশৰ বাবে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ পৰা ৰয়েল্টি হিচাপে ১৭২ কোটি টকা লাভ কৰিছে

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যুটীয়াভাৱে Covaxin-ৰ বিকাশৰ বাবে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ পৰা ৰয়েল্টি হিচাপে ১৭২ কোটি টকা লাভ কৰিছে। লোকসভাৰ প্রশ্নকালত আজি সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই কয় যে Covaxin-ৰ পেটেণ্ট দাখিল কৰাৰ সময়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদক সহ-স্বত্বাধিকাৰী তথা যুটীয়া উদ্ভাৱক হিচাপে স্বীকৃতি নিদিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে আপত্তি দশোৱাৰ পাছত ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডে ভুল স্বীকাৰ কৰি ইয়াৰ সংশোধন কৰে। এতিয়া ভাৰতীয় চিকিৎসা গৱেষণা পৰিষ...

May 4, 2024 12:29 PM May 4, 2024 12:29 PM

views 8

কোভিডৰ সময়ছোৱাত টীকা লোৱা লোকৰ মাজত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক দলৰ গৱেষণা চলোৱাৰ সিদ্ধান্ত

◊ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাই নিজাববীয়াকৈ কোভিড সময়ছোৱাত টীকা লোৱা লোকৰ মাজত গৱেষণা চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই সম্পর্কে চিকিৎসা মহাবিদ্যালয়খনৰ গৱেষক ছাত্র ডা০ শ্যামজিৎ লক্ষ্মণে জানিবলৈ দিয়ে যে কোভিডৰ টীকা লোৱাৰ পাছত আকস্মিক আৰু অস্বাভাৱিকভাৱে মৃত্যু হোৱা বা নোহোৱা সন্দৰ্ভত পুংখানুপুংখভাৱে গৱেষণা কৰা হ'ব। কোভিডৰ টীকাৰ পাৰ্শ্বক্ৰিয়াক লৈ অব্যাহত থকা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত মাহৰ দ...