August 2, 2024 8:20 PM
9
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যুটীয়াভাৱে Covaxin-ৰ বিকাশৰ বাবে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ পৰা ৰয়েল্টি হিচাপে ১৭২ কোটি টকা লাভ কৰিছে
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যুটীয়াভাৱে Covaxin-ৰ বিকাশৰ বাবে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ পৰা ৰয়েল্টি হিচাপে ১৭২ কোটি টকা লাভ কৰিছে। লোকসভাৰ প্রশ্নকালত আজি সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই কয় যে Covaxin-ৰ পেটেণ্ট দাখিল কৰাৰ সময়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদক সহ-স্বত্বাধিকাৰী তথা যুটীয়া উদ্ভাৱক হিচাপে স্বীকৃতি নিদিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে আপত্তি দশোৱাৰ পাছত ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডে ভুল স্বীকাৰ কৰি ইয়াৰ সংশোধন কৰে। এতিয়া ভাৰতীয় চিকিৎসা গৱেষণা পৰিষ...