October 5, 2025 7:49 PM

views 14

শ্রীভূমি জিলাৰ বজাৰিছড়াৰ চুৰাইবাড়ীত বহু পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ

শ্রীভূমি জিলাৰ বজাৰিছড়াৰ চুৰাইবাড়ীত আজি বহু পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ কৰা হৈছে। এই নিচাজাতীয় সামগ্রীখিনি পশ্চিমবংগৰ পৰা ত্ৰিপুৰালৈ এখন বাহনেৰে লৈ গৈ থকা সময়ত অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ী চেক পোষ্টত আৰক্ষীয়ে জব্দ কৰে। ১৪৪টা কার্টনত জব্দ কৰা মুঠ ২১,৬০০ বটল কফ ছিৰাপৰ মূল্য প্রায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে বাহনখনৰ চালকজনক আটক কৰে।