December 9, 2025 7:17 PM

views 33

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, যে ১৯৮৫ চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্রবাদ তথা গুপ্তহত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখন উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্তৰ ...

December 9, 2025 7:09 PM

views 16

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপালৰ অংশগ্ৰহণ, জুবিন গাৰ্গলৈ ডি-লিট

ৰাজ্যপাল আৰু কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তন ভাষণত ৰাজ্যপালগৰাকীয়ে ২০৪৭ চনলৈ ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন পূৰণ কৰাৰ দায়িত্ব দেশৰ নৱপ্ৰজন্মৰ ওপৰতে ন্যস্ত আছে বুলি মন্তব্য কৰে। এই সমাৰোহত দুহেজাৰ ৮০৪ গৰাকী পি এইচ ডি, স্নাতক, স্নাতকোত্তৰ তথা ডিপ্ল’মাৰ শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তদুপৰি শৈক্ষিক উৎকৰ্ষতাৰ বাবে ১২৫ গৰাকী শিক্ষাৰ্থীক স্বর্ণ পদক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই সমাৰোহত জন...

August 25, 2025 10:34 AM

views 30

৩১ আগষ্টত কটন বিশ্ববিদ্যালয়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান

■ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান অহা ৩১ আগষ্টৰ বিয়লি কটন বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। ইতিমধ্যে জন্ম শতবার্ষিকী অনুষ্ঠানৰ বাবে গোলাপ বৰবৰা জন্ম শতবর্ষ উদযাপন সমিতিয়ে প্রস্তুতি অব্যাহত ৰাখিছে। গুৱাহাটীত কালি অনুষ্ঠিত এখন সংবাদমেলত সমিতিৰ বিষয়ববীয়াই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাইজক অৱগত কৰে। সমিতিয়ে প্ৰকাশ কৰা অনুসৰি ৩১ আগষ্টৰ বিয়লি গোলাপ বৰবৰা স্মৃতি...

May 15, 2024 8:17 PM

views 32

কটন বিশ্ববিদ্যালয়ৰ ভূমি বিতর্ক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ নিজৰ স্থিতি স্পষ্ট

কটন বিশ্ববিদ্যালয়ৰ ভূমিক লৈ সৃষ্টি হোৱা বিতর্ক সন্দৰ্ভত বিশ্ববিদ্যালয় কর্তৃপক্ষই আজি সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গার্গে কয় যে এখন শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ কেণ্টিন, ফটোষ্টেট তথা ষ্টেশ্যনেৰী বিপণী আদিৰ প্ৰয়োজন হয়। এনে প্রয়োজন পূৰণ কৰিবলৈ বিশ্ববিদ্যালয়খনত এখন স্থায়ী সমিতি গঠন কৰা হৈছে বুলি উল্লেখ কৰি ডº গাৰ্গে কয় যে এই সমিতিয়ে এনে ধৰণৰ প্ৰতিষ্ঠান ক'ত স্থাপন কৰা হ'ব সেই কথা নিৰ্ধাৰণ কৰিব। ইয়াৰ বাহিৰে বিশ্ববিদ্যালয়ৰ ভূমি সন্দৰ্ভত ...