December 16, 2024 7:49 PM
20
ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জল যাত্ৰা সন্দৰ্ভত ৰাজ্যসভাত আলোচনা
ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জল যাত্ৰা সন্দৰ্ভত আজি দেশৰ উচ্চ সদন - ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হৈছে। আলোচনাত ভাগ লৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, যে দ্বিতীয় মহাসমৰৰ পাছত বিশ্বৰ ৫০ খনৰো অধিক দেশে স্বাধীনতা লাভ কৰিছিল আৰু সকলোৱেই নিজৰ নিজৰ সংবিধান ৰচনা কৰিছিল। কিন্তু অধিকাংশ দেশেই তেওঁলোকৰ সংবিধানৰ ব্যাপক সংশোধনী ঘটোৱাই নহয়, সংবিধানসমূহৰ মূল সত্তাকেই পৰিৱৰ্তন কৰি পেলাইছে। ভাৰতবৰ্ষই হৈছে একমাত্র দেশ যাৰ সংবিধানে সময়ৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিছে আৰু দিনক দিনে অধি...