November 23, 2025 8:20 PM

views 34

জম্মু-কাশ্মীৰ প্রশাসনে ২৬ নৱেম্বৰত সংবিধান দিৱস উদযাপন কৰিব

জম্মু-কাশ্মীৰ প্রশাসনে চলিত মাহৰ ২৬ তাৰিখে সংবিধান দিৱস উদযাপনৰ বাবে বিশেষ নির্দেশনা জাৰি কৰিছে। আমাৰ সংবাদদাতাৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো চৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান, আৰু ৰাজহুৱা খণ্ডক সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে বিভিন্ন কায্যসূচী গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে পুৱা ১১ বজাত প্ৰস্তাৱনা পাঠ অনুষ্ঠিত কৰিবলৈও নির্দেশ দিয়া হৈছে।