November 26, 2025 6:43 PM

views 20

সমগ্ৰ দেশতে সংবিধান দিৱস পালন

আজি সংবিধান দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে সংবিধান ৰাষ্ট্ৰীয় পৰিচয়ৰ ভেটিস্বৰূপ আৰু ই ৰাষ্ট্ৰক ঔপনিৱেশিক মানসিকতাক পৰিহাৰ কৰি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আগুৱাই লৈ যোৱাৰ পথ প্ৰদৰ্শক পৰিকাঠামো। সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধানৰ অসমীয়া, বড়ো, মালায়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, কাশ্মিৰী, তেলেগু আৰু উড়িয়া ভাষালৈ অনুদ...

November 25, 2025 6:21 PM

views 36

দেশত কাইলৈ উদযাপন কৰা হ’ব সংবিধান দিৱস

দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হমাৰা সংবিধান-হমাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত আয়োজিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰীসকল তথা সাংসদসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ২৬ নৱেম্বৰ দিনেটা সংবিধান দিৱস হিচাপে ঘোষণা কৰাৰ...

November 26, 2024 7:32 PM

views 16

দেশজুৰি ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন

ভাৰতৰ সংবিধান গৃহীত হোৱাৰ দিনটো আজি সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে উদযাপন কৰা হৈছে। সংবিধান গৃহীত হোৱাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আজি বছৰজোৰা উদযাপন আৰম্ভ কৰিছে। সংবিধান দিৱস উপলক্ষে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুরে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিজৰ আচৰণক সংবিধানৰ আদৰ্শসমূহৰ দ্বাৰা অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়। তদুপৰি জনসাধাৰণক নিজৰ মৌলিক দায়িত্ব আৰু কৰ...