June 30, 2025 8:49 PM June 30, 2025 8:49 PM

views 39

ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ‘আছাম জাষ্টিছ’ শীৰ্ষক এটা প’ৰ্টেল মুকলি

অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে আজি ৰাজীৱ ভৱনত আছাম জাষ্টিছ শীৰ্ষক এটা প'ৰ্টেল মুকলি কৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি অন্যান্য নেতা-কৰ্মীৰ উপস্থিতিত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই এই প'ৰ্টেলটো মুকলি কৰে। শ্ৰীশ‍ইকীয়াই অনুষ্ঠানৰ পাছত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, পথ আদিৰ সমস্যা সন্দৰ্ভত জনসাধাৰণে এই প'ৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। তেওঁ কয়, যে জনসাধাৰণে দাখিল কৰা সমস্যাসমূহ পঞ্জীয়ন কৰি এইক্ষেত্...

June 2, 2025 9:13 PM June 2, 2025 9:13 PM

views 23

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰবা থানত সেৱা জনায়। ইয়াৰ পাছত তেওঁ মৰিগাঁৱলৈ আহে। মৰিগাঁৱত তেওঁ প্রাক্তন বিধায়িকা জোন জোনালী বৰুৱাৰ বাসগৃহলৈ গৈ প্ৰয়াত নেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে মত-বিনিময় কৰে। মৰিগাঁৱত তেওঁক ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে শোভা...

June 1, 2025 3:16 PM June 1, 2025 3:16 PM

views 10

ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী ঠাৰুৰ নেতৃত্বৰ প্রতিনিধি দল

● অপাৰেশ্বন সিন্দূৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা ভাৰতৰ নীতিৰ প্ৰচাৰৰ বাবে ৭ টা সৰ্বদলীয় প্রতিনিধি দলৰ বিদেশ ভ্রমণ অব্যাহত আছে। প্রতিনিধি দলসমূহে বিভিন্ন দেশৰ নেতাক সাক্ষাৎ‍ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে অৱগত কৰে। কংগ্ৰেছ সাংসদ শশী ঠাৰুৰে নেতৃত্ব দিয়া প্রতিনিধি দলটো আজি ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত হয়। দলটোক বিমান বন্দৰত ভাৰতীয় কূটনীতিক সন্দিপ কুমাৰ কুজুৰে আদৰণি জনায়। শ্ৰীঠাৰুৰে কয়, যে তেওঁলোকে ব্রাজিলৰ সৈতে গঠনমূলক আলোচনাৰ বাবে আগ্রহী। এই ভ্ৰমণকালত প...

June 1, 2025 12:00 PM June 1, 2025 12:00 PM

views 35

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ জিলাত উপস্থিত গৌৰৱ

● অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত উপস্থিত হয়। জিলাখনত কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে তেওঁক আদৰণি জনায়। ৰৰৈয়া বিমান বন্দৰৰ পৰা নেতাগৰাকী যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে।

May 27, 2025 4:29 PM May 27, 2025 4:29 PM

views 11

কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলৰ দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত

ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই উদ্দেশ্যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্ৰমণ কৰিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তা অৱগত কৰিছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলে দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত কৰিছে। সংবাদ মাধ্যমক শ্ৰী থাৰুৰে কয়, যে গায়ানাই সন্ত্রাসবাদী আক্ৰমণৰ পৰা ভাৰতে নিজকে ৰক্ষা কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৰ...

May 26, 2025 7:43 PM May 26, 2025 7:43 PM

views 16

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে আজি সাংসদ গৌৰৱ গগৈক সভাপতিৰ নতুন দায়িত্ব অর্পণ কৰিছে। আনহাতে, জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কমিটীৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে।

May 5, 2025 6:40 PM May 5, 2025 6:40 PM

views 13

মুখ্যমন্ত্রীৰ অশোভনীয় মন্তব্যৰ অভিযোগ তুলি অসম প্রদেশ মহিলা কংগ্ৰেছৰ অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলৰ প্ৰতি অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি আজি অসম প্রদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল কৰে। মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ নেতৃত্বৰ এটা দলে এই অভিযোগ পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। অসম প্রদেশ মহিলা কংগ্ৰেছে আজি এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মহিলাক ল...

April 16, 2025 2:24 PM April 16, 2025 2:24 PM

views 15

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজুৰি বিক্ষোভ প্রদর্শন

নেচনেল হেৰল্ড গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ে অভিযোগনামা দাখিল কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আজি দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছে। দলটোৰ নেতাসকলে এই কার্যক উদ্দেশ্যপ্রণোদিত আৰু ৰাজনৈতিক আক্রোশ পূৰণৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। গুৱাহাটীতো আজি কংগ্ৰেছ দলৰ নেতা আৰু কৰ্মীসকলে নেচনেল হেৰল্ড গোচৰত দলটোৰ শীৰ্ষ দুগৰাকী নেতাৰ বিৰুদ্ধে ই-ডিৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ চেষ্টা চলায়। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে নে...

April 15, 2025 8:10 PM April 15, 2025 8:10 PM

views 13

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধি বলবৎকাৰী সংস্থাৰ অভিযোগনামা দাখিল

বিধি বলবৎকাৰী সংস্থাই নেচনেল হেৰল্ড গোচৰত ক'লা ধন বৈধকৰণৰ অভিযোগত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত কংগ্ৰেছ নেতা চেম পিট্‌'ডা আৰু সুমন ডুবেৰ নামো অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ ন্যায়াধীশে আজি এই অভিযোগনামাখন চালি-জাৰি চাই অহা ২৫ এপ্রিল বিষয়টোৰ পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য্য কৰে। মাত্র ৫০ লাখ টকাত এছ'ছিয়েটেড জাৰ্ণেলছ লিমিটেডৰ সম্পত্তি হস্তগত কৰা বুলি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্য জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে ...

February 17, 2025 8:41 PM February 17, 2025 8:41 PM

views 15

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন শক্তি আৰু প্ৰভাৱশালী দেশ হিচাপে পৰিচিতি লাভ কৰিছে, সেই সময়ত এনে ধৰণৰ দায়িত্বহীন মন্তব্যই সমগ্র দেশবাসীক লজ্জিত কৰিছে। ত্রিবেদীয়ে এনেধৰণৰ দায়িত্ব জ্ঞানহীন মন্তব...