April 1, 2025 6:39 PM April 1, 2025 6:39 PM

views 7

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি বিশেষাধিকাৰ সমিতিৰ

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক অপদস্থ কৰাৰ অভিযোগত ১২ জনীয়া সদস্যৰে গঠিত বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি কৰিছে। বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ নেতৃত্বত এই সমিতিৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকত সিদ্ধান্তমর্মে বিধায়ক দুয়োজনলৈ বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে দুয়োগৰাকী বিধায়কে বিধানসভাৰ অধিৱেশন চলি থকা দিনত উপাধ্যক্ষগৰাকীক অপদস্থ কৰাৰ অভিযোগ উঠিছিল।

January 5, 2025 11:23 AM January 5, 2025 11:23 AM

views 5

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত বিধানসভাৰ অধ্যক্ষই কালি এই চূড়ান্ত ৰায় দিয়ে। কংগ্ৰেছৰ আবেদন খাৰিজ কৰি শ্বেৰমানৰ বিধায়ক পদ বাহাল ৰখা হয়। বিধায়ক পদ খাৰিজ কৰিব পৰাকৈ শ্বেৰমান আলীয়ে সংবিধানৰ ১০ নম্বৰ অনুচ্ছেদ উলংঘা কৰা নাই বুলি অধ্যক্ষ শ্ৰীদৈমাৰীয়ে মত প্ৰকাশ