December 13, 2024 10:26 AM

views 30

দিল্লী বিধানসভাৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ

দিল্লী বিধানসভাৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি দিল্লী কংগ্ৰেছৰ অধ্যক্ষ দেৱেন্দ্ৰৰ যাদৱে বাদলি, সন্দীপ দিক্ষীতে নতুন দিল্লী, হাৰুন য়ুছুফে বাল্লিমৰাণ, ৰাগিনী নায়কে ৱাজিৰপুৰ, আব্দুল ৰহমানে ছিলমপুৰ আৰু অনিল ভৰদ্বাজ সদৰ বজাৰ বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব ।