October 16, 2025 9:48 AM October 16, 2025 9:48 AM
15
গুজৰাটৰ আহমেদাবাদক ২০৩০ বৰ্ষৰ কমনৱেল্থ গেমছ ক্রীড়া সমাৰোহৰ আয়োজক চহৰৰূপে প্ৰক্ষেপ
গুজৰাটৰ আহমেদাবাদক ২০৩০ বৰ্ষৰ কমনৱেল্থ গেমছ ক্রীড়া সমাৰোহৰ আয়োজক চহৰৰূপে প্ৰক্ষেপ কৰা হৈছে। কমনৱেল্থ ক্ৰীড়াৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়। কমনৱেল্থ ক্রীড়া আন্দোলনে শতবৰ্ষত ভৰি দিয়াৰ সময়ত ভাৰতত এই সংস্কৰণৰ আয়োজনৰ পদক্ষেপ ঐতিহাসিকৰূপে বিবেচিত হৈছে। অহা মাহত কমনৱেল্থ ক্ৰীড়াৰ সাধাৰণ সভাত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰ, গুজৰাট চৰকাৰ আৰু ভাৰতীয় কমনৱেল্থ গেমছ এছ’চিয়েচনে সন্মিলিত ৰূপত আহমেদাবাদত ২০৩০ চনত এই ক্রীড়া প্রতিযোগিতা আয়োজনৰ প্ৰস্তাৱ দ...