October 19, 2024 8:23 PM

views 21

শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছে। ৰাজস্থানৰ ছিকাৰত আজি বিয়লি এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, শিক্ষাৰ ব্যৱসায়ীকৰণ ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবে কেতিয়াও ভাল নহয়। তেওঁ কয় যে, শিক্ষা কেতিয়াও আয়ৰ উৎস নাছিল বৰং ত্যাগ, দান আৰু সুস্থ ৰাষ্ট্ৰ নিৰ্মাণৰহে মাধ্যম আছিল। শিক্ষা সম্প্ৰতি লাভৰ বাবে বিক্ৰী কৰা সামগ্ৰীৰূপে পৰিগণিত হোৱাৰ বিষয়লৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষোভ প্রকাশ কৰে...