June 27, 2024 11:46 AM

views 16

ৰাজ্যৰ ২ লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকৰ সন্তানক মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুল বহন কৰিব চৰকাৰে

ৰাজ্য চৰকাৰে ২ লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকসকলৰ সন্তানক মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুল বহন কৰাৰ সিদ্ধান্ত লৈছে। এই ব্যৱস্থা ৰূপায়নৰ বাবে আনুমানিক ১৫০ কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুলাইত সংশ্লিষ্ট মহাবিদ্যালয়সমূহলৈ ধন ৰাশি প্ৰেৰণ কৰা হ'ব। এই ক্ষেত্ৰত যদি কোনো শিক্ষার্থীয়ে সমস্যা সন্মুখীন হয় তেন্তে জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে বিনাদ্বিধাই যোগাযোগ কৰিব পাৰিব বুলি কোৱা হৈছে।