July 15, 2024 8:18 PM July 15, 2024 8:18 PM
9
৩টা কয়লাখনিৰ নিলামৰ বাবে কয়লা খনন বিকাশ তথা উৎপাদন চুক্তি ৰূপায়ণ
কয়লা মন্ত্রালয়ে আজি সপ্তম খেপৰ দ্বিতীয় প্ৰচেষ্টাৰ অধীনত ৩টা কয়লাখনিৰ নিলামৰ বাবে কয়লা খনন বিকাশ তথা উৎপাদন চুক্তি ৰূপায়ণ কৰিছে। বাণিজ্যিক কয়লা খননৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মাছকাটা কয়লাখনি, কুদানালী লুবৰি কয়লাখনি আৰু সাখিগোপাল বি কাকুৰী কয়লাখনিত এই চুক্তি ৰূপায়ণ কৰা হৈছে। এন এল চি ইণ্ডিয়া লিমিটেড, গুজৰাট মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্বন লিমিটেড আৰু তামিলনাডু জেনেৰেশ্বন এণ্ড ডিস্ট্রিবিউছন কৰ্পৰেশ্বন লিমিটেডে এই প্ৰকল্পৰ নিবিদা লাভ কৰিছে। এই তিনিটা কয়লাখনিৰ পৰা ৩ হেজাৰ ...