June 21, 2024 8:34 PM

views 18

হায়দৰাবাদত বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ দশমলানি নিলাম আৰম্ভ

কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ দশম লানি নিলাম আৰম্ভ কৰে। এই পৰ্য্যায়ত মুঠ ৬৭ টা খনি নিলাম কৰা হ'ব। ইয়াৰ ফলত কয়লাৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাব আৰু দেশৰ বাবে শক্তি সুৰক্ষা সুনিশ্চিত হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত কয়লা খনিৰ নিলামৰ আয়োজন কৰা হৈছে। নিলাম প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰি শ্ৰীৰেড্ডীয়ে কয় যে, চৰকাৰ স্বচ্ছ কয়লা খনিৰ নিলাম নীতিৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ লগতে কয়লা খনিৰ নিলামে ভাৰতবৰ্ষৰ অৰ্থ ব্যৱস্থাৰ পৰিধি ৫ লাখ কোটি ডলাৰলৈ সম্প্...