January 19, 2025 1:16 PM

views 15

অবৈধ কয়লাখনিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তৎপৰতা; নামদাঙত ১৩টা অবৈধ খনি বন্ধ, ৩জনৰ আটক

উমৰাংছ'ৰ অবৈধ কয়লাখনিত শ্রমিকৰ মৃত্যুৰ ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে অবৈধ কয়লাখনিসমূহ বন্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে। খনি আৰু খনিজাত বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্যখনৰ ৰেট হ’ল খনি বন্ধ কৰাৰ উদ্দেশ্যে কালি মাৰ্ঘেৰিটা সম-জিলা প্রশাসনে এটা অভিযান চলায়। এই অভিযানকালত কয়লা খননত ব্যৱহৃত এখন এছকেভেটৰ জব্দ কৰাৰ লগতে তিনিজন শ্রমিকক আটক কৰে। নামদাঙৰ কলিয়ৰিত থকা ১৩টা অবৈধ ৰেট হ’ল খনি প্রশাসনে বন্ধ কৰি দিয়ে।