December 26, 2025 9:01 PM
12
কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি
কেন্দ্ৰীয় চৰকাৰে কয়লা খনি মুকলি কৰাৰ বাবে থকা প্ৰক্ৰিয়া সহজসাধ্য কৰাৰ বাবে কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। কয়লা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই সংশোধনে খনিৰ কাম-কাজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰক্ৰিয়াগত আঁসোৱাহসমূহ দূৰ কৰিব। পূৰ্বৰ নিয়ম অনুসৰি এটা কয়লা খনি মুকলি কৰাৰ বাবে কয়লা খনিৰ স্বত্বাধিকাৰীসকলে কয়লা মহানিয়ন্ত্রক সংস্থাৰ আগতীয়া অনুমতি ল'ব লাগে। এই সংশোধনীৰ জৰিয়তে পূৰ্বৰ এই নিয়ম বাতিল কৰা হৈছে।