December 1, 2024 7:57 PM

views 10

বৰপেটাত অনুষ্ঠিত কোচবিহাৰ ট্ৰফী প্রতিযোগিতাত অসম দলৰ জয়লাভ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অনুষ্ঠিত কোচবিহাৰ ট্ৰফী প্রতিযোগিতাত অসম দলে জয়লাভ কৰে। দলটোৱে কেৰালাক ২৫৫ ৰানত পৰাস্ত কৰে। দুটাকৈ ইনিংছৰ খেলখনত অংশুমান মালাকাৰে নেতৃত্ব দিয়া অসম দলে প্রথম ইনিংছত ২৩৩ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত দলটোৱে ২২৪ ৰান কৰিবলৈ সমৰ্থ হয়। ইয়াৰ বিপৰীতে কেৰালা দলে প্রথম ইনিংছত ১৮০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছ ৯১ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। উল্লেখযোগ্য যে বৰপেটা ক্রীড়া সন্থাৰ খেলপথাৰত চাৰিদি...