December 23, 2025 7:39 PM

views 12

কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কাইলৈ দুপৰীয়া ২ বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ উৎসৱ উদযাপন সমিতিৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে মহোৎসৱ কাৰ্যসূচী আৰম্ভ হ'ব। উল্লেখযোগ্য যে মধুপুৰ সত্ৰত যোৱা ৩০ বছৰ ধৰি এই মহোৎসৱ পালন কৰি অহা হৈছে।

January 22, 2025 8:26 PM

views 25

মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়ানৰ স্থান মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমধুপুৰ ধাম সত্ৰত বুঢ়িৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ২৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ মধুপুৰ সত্ৰৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ জানুৱাৰীত কাৰ্যসূচীত...

December 25, 2024 12:53 PM

views 14

কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত

সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেব গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ সাহিত্যৰ যোগেদি অসমৰ জনসাধাৰণক একত্ৰিত কৰাৰ কথা উল্লেখ কৰে । তেওঁ লগতে মধ্য যুগত মহাপুৰুষ শ্ৰীশংকৰদেৱে মাগধী, পালি, প্রাকৃত, মৈথেলী আদি ভাষা অধ্যয়ন কৰি ব্ৰজাৱলী ভাষাৰ উৎপত্তি কৰাও ব...