August 13, 2025 9:16 PM

views 10

ৰঙাপৰা সমজিলা, ডিগবৈ সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন

ৰাজ্যত আজি পুনৰ দুখন সমজিলা আনুষ্ঠানিকভাৱে সংযোজন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই আজি শোণিতপুৰ জিলাৰ ৰঙাপৰা সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে। ৰঙাপৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই কয়, যে প্রশাসনিক সংস্কাৰৰ দিশত সমজিলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । আনহাতে তিনিচুকীয়া জিলাৰ ডিগবৈ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ো আজি মুকলি কৰা হয়। ডিগবৈ সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।