November 19, 2025 6:59 PM

views 22

পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত এইপর্যন্ত ৩জন বিষয়াক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰী তদাৰকী কোষে পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত এই পর্যন্ত ৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি পৰ্যটন বিষয়া নয়নমণি পামেগামক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কালি নিশা প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক গ্রেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ অন্তত তিনিওগৰাকী ধৃত বিষয়াৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে ২০১২-১৩ বৰ্ষত পর্যটন নিগমৰ কেলেংকাৰী গোচৰত তদাৰকী কোষত পৰ্যটন নিগমৰ প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামীসহ ৮ গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।