May 4, 2024 11:55 AM May 4, 2024 11:55 AM
20
ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্রীৰ
◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নামনি অসমত এখন নির্বাচনী ৰেলীত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই পট্টা প্ৰদানৰ লগতে ডি-ভোটাৰৰ সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে বন্ধ হৈ থকা আধাৰ কাৰ্ড খুলি দিব বুলিও প্রতিশ্রুতি দিয়ে। মুখ্যমন্ত্রীয়ে কলেজত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া কৰি দিয়াৰ উপৰি নিবনুৱাক ব্যৱসায় কৰিবলৈ ২ লাখ টকা ঋণ দিয়া হ'ব বুলিও প্রতিশ্রুতি দিয়ে।