June 15, 2024 1:00 PM
24
২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী
নামৰূপত কালি ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, অসম দেশৰ ভিতৰত এখন সৌৰশক্তি উৎপাদনকাৰী অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে। সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আটাইবোৰ প্ৰচেষ্টা সফল হ'লে ৰাজ্যখনে ৩ হাজাৰ ৬৪৫ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কালি আধাৰশিলা স্থাপন হোৱা নামৰূপৰ ২৫ মেগাৱাট ক্ষমতা...